পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চাকৰিকাল
 

বিবাহিত জীৱন আৰম্ভ হয়।

 গোস্বামীদেৱে পোনতে নগাৱঁত ডিপুটী ইন্সপেক্টৰী কাম আৰম্ভ কৰে; তাৰ পাচত ৭ চাকৰিকাল মঙ্গলদৈত নিগাজীকৈ ডিপুটী ইন্সপেক্টৰ হয়, আৰু সহধৰ্ম্মিণীক নিজৰ কাষলৈ নি সুখে দুখে দুয়ো দুয়োৰে সমভাগী হৈ জীৱন কটাবলৈ ধৰে। মঙ্গলদৈত কেইবছৰমান কাম কৰাৰ পাচত তেখেত যোৰহাটলৈ বদলি হয়। ডিপুটী ইন্সপেক্টৰী কাম কৰাৰ সময়ত গোস্বামীদেৱ ঢাকা ট্ৰেইণিং কলেজলৈ ট্ৰেইনিং লাভ কৰিবলৈ যায়। ইয়াত তেখেতে যোগ্যতাৰে ১ম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও কলেজ অধ্যক্ষৰপৰা দক্ষতা সন্ধন্ধে এখন উৎকৃষ্ট চাৰ্টিফিকেট লাভ কৰে। ঢাকাৰপৰা ঘূৰি আহি অলপ দিন কাম কৰাৰ পাচতেই অসমৰ শিক্ষাবিভাগে তেখেতৰ যোগ্যতাত পৰিতুষ্ট হৈ প্ৰভিন্সিয়েল চাৰ্ভিচৰ অসম উপত্যকাৰ স্কুলসমূহৰ এচিষ্টেণ্ট ইন্সপেক্টৰ পদ দিয়ে। অলপ দিন এই কাম কৰাৰ পাচতেই গোস্বামীদেৱে তেখেতৰ দক্ষতা আৰু বিশ্বাসেৰে উপৰিস্থ কৰ্ম্মচাৰীৰ বিশেষ আস্থা লাভ কৰিলে।

 ১৯১৬ চনত যোৰহাট নৰ্মাল স্কুলত ৩য় বাৰ্ষিক