পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্ৰ
 

ভৰ্ত্তি হয়। কলেজ শিক্ষাতো শৰতে নাম কৰে; ৫ শিক্ষাকালআৰু দুবছৰ পঢ়ি আই-এ পাছ কৰি বৃত্তিলাভ কৰে। ইয়াৰ পাচত তেওঁ কলিকতালৈ গৈ বিদ্যাসাগৰ কলেজত ভৰ্ত্তি হয় আৰু দুবছৰৰ পাচত যোগ্যতাৰে তেওঁ বি-এ পাছ কৰে। ইয়াৰ পাচত তেওঁ এবেলা ছপাখানাত কাম কৰি এম-এ পঢ়িবলৈ ধৰে; কিন্তু কিছুদিন পাচতেই তেওঁ এশ টকা দৰমহাত স্কুল ডিপুটী ইন্সপেক্টৰৰ পদ লাভ কৰি কলিকতাৰপৰা ঘৰলৈ আহে। এই কালত এশ টকা দৰমহাত পোনে পোনে ডিপুটী ইন্সপেক্টৰৰ পদ পোৱা লোক গোস্বামীদেৱহে। তেওঁৰ পঢ়াৰ কৃতিত্বই এনে চাকৰি পোনে পোনে লাভ কৰাইছিল।

 গোস্বামীদেৱৰ বিবাহ হৈছিল কলেজত পঢ়ি থাকোঁতেই—কামৰূপৰ বিখ্যাত আঠঘৰীয়াৰ ৬ বিবাহ ভট্টাচাৰ্য্য বংশৰ নাৰায়ণচন্দ্ৰ ভট্টাচাৰ্য্যদেৱৰ কন্যা শ্ৰীযুক্তা ভুবনেশ্বৰী দেৱীৰ লগত। বিবাহ সময়ত যুক্তা ভুৱনেশ্বৰী দেৱীৰ বয়স মাথোন বাৰ বছৰ; কিন্তু স্বামীৰ লগত আচল পৰিচয় ঘটিছিল পোন্ধৰ বছৰ

বয়সতহে (শান্তী বিয়া হয়)। এই সময়ৰপৰাই তেওঁলোকৰ