পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪১ )

ধনু-গুণ জুৰি সীতা বিহা কৰিয়োক।
এহি মহা ৰঙ্গ প্ৰভু দেখায়োক মোক॥
গুৰুৰ বচন শুনি ৰঘুৰ নন্দন।
পৰম আগ্ৰহে উঠিলন্ত তেতিক্ষণ॥১৮০
হস্তীৰ গমনে চলি যান্ত লাসে লাসে॥
দেখি সমাজ্যাৰ ৰাজাগণে সবে হাঁসে।
বিক্ৰমে ৰাঘৱ যান্ত চায়াছে সকল।
প্ৰতি খোজে ধৰণী কৰয় তলবল॥১৮১
মধুৰ মূৰতি মুখে মন্দ মন্দ হাঁস।
মহেশৰ ধনুৰ পাইলন্ত গৈয়া পাশ॥
উল্লাসিয়া ধনুক ধৰিলা বাম হাতে।
অলক্ষিতে গুণ লগাইলেক ৰঘুনাথে॥১৮২
কোমল আঙ্গুলি গুণ মাৰ্জ্জি তেতিক্ষণ।
টঙ্কাৰিয়া শৱদে পূৰিলা ত্ৰিভুবন॥
হাঁসি হাঁসি পুনু ধনুৰ্গুণ আঁজুৰিলা।
কৰ্ণমানে টানি ধনু মাজতে ভাঙ্গিলা॥ ১৮৩
পুনৰ্ব্বাৰ শব্দ গোটে ব্ৰহ্মাণ্ড ভৰিল।
সপ্তদীপা বসুমতী সাগৰ লৰিল॥
সমজ্যাৰ লোকৰ হৰিল চুৰ্তিজ্ঞান।
যিবা যৈত আছিলা পৰিল সেহি থান॥ ১৮৪


সমজ্যা-সমাজ।