এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( 8০ )
দেৱঋষি পিতৃৰ সুজিলোঁ সব ধৰ।
জগত ঈশ্বৰ প্ৰভু গৃহত আমাৰ॥১৭৪
এহিমতে মনে ভাগ্য মানিলা বিস্তৰ।
ঋষিক চাহিয়া পাছে বুলিলা উত্তৰ॥
শুনা মুনিৰাজ মোৰ যেন অভিপ্ৰায়।
জীউৰ উচিত এন্তে হৱন্ত জামাই॥১৭৫
কিন্তু এক অঙ্গীকাৰ কৰিছোঁ দুৰ্ঘোৰ।
মহেশৰ ধনুত লগাবে যিটো জোৰ॥
তান্ত বিহা দিবো কন্যা জগত মোহন।
কোনো ৰাজা তাত দিবে নপাৰিল গুণ॥১৭৬
এহে পুনু লাৱণ্য মধুৰ সুকুমাৰ।
কিমতে দিৱন্ত গুণ মিছা অঙ্গীকাৰ॥
অঙ্গীকাৰ ছান্তে আঙ্ক সাঙ্গ হব ৰায়।
কোন বুদ্ধি কৰোঁ মুনি নপাওঁ উপায়॥১৭৭
হেন শুনি হাঁসি ঋষি দিলন্ত উত্তৰ।
ইকাৰ্য্যক চিন্তা নকৰিবা নৰেশ্বৰ॥
কোন বস্তু ৰামৰ আগত ধনুখান।
বলৰ বীৰ্য্যৰ যাৰ নজানি প্ৰমাণ॥১৭৮
নিমিষে লগাব গুণ ৰাম মহেশ্বৰ।
চাই থাকা পৰম আনন্দে নৃপবৰ॥
পাছে বিশ্বামিত্ৰে চাই ৰামক বোলন্ত।
শুনিয়োক প্ৰভুদেৱ ৰাম ভগৱন্ত॥১৭৯