পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৮ )

বহু সতকাৰে পূজিলন্ত।
কৰযোৰে বাক্য বুলিলন্ত॥১৬৫
আজি মোৰ জনম সম্ফল।
দেখিলেহোঁ চৰণ যুগল॥
তুমি পৰিপূৰ্ণ মুনিৰাজ।
আদেসিয়ো সাধে কোন কাজ॥১৬৬
ত্ৰৈলক্য মোহন দুইজন।
কাৰ পুল্ৰ, কয়ো প্ৰয়োজন।
আসিয়াছা আমাৰ থানক।
কহিযোক সমস্ত কাৰ্য্যক॥১৬৭
শুনি ঋষি বুলিলন্ত হাঁসি।
শুনা নৃপবৰ মহা যশী॥
জগতৰ যিটো মহেশ্বৰ।
তেন্তে এন্তে জানা নৃপবৰ॥ ১৬৮
সন্তজন কৰিব পালন।
দুষ্টক কৰিব সংহাৰণ॥
সিকাৰণে দশৰথ ঘৰে।
অৱতাৰ ভৈলা মহেশ্বৰে॥ ১৬৯
সুবাহু ৰাক্ষস মাৰিলন্ত।
তাৰকাৰ প্ৰাণ চৰাইলন্ত॥
আমাৰ যজ্ঞক কৰাইলন্ত।
সমস্ত ৰাক্ষস মাৰিলন্ত॥১৭০