পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৫ )

বিশ্বামিত্ৰ মনোৰথ পৰিপূৰ্ণ কৰি।
বুলিবাক লৈলা ঋষি ৰামক সাদৰি॥১৫১
হে ভগৱন্ত তুমি জনম ৰহিত।
তথাপিতো সমস্ত প্ৰাণীৰ চিন্তাহিত॥
নানা লীলা কৰা যুগে যুগে অৱতৰি।
তোমাৰ চেষ্টাক কোনে বুজিবে মূৰাৰি॥১৫২
এহিমতে ৰামক বুলিয়া তুতি ঋষি।
মনে মনে আলোচন্ত কাৰ্য্য বিমৰিষি॥
মোৰ মনোৰথ পুৰিলন্ত শ্ৰীৰাম৷
মই এবে আন কিবা সাধিবোহুঁ কাম॥১৫৩
জনকৰ ঘৰে লক্ষ্মী জনম ভৈলন্ত।
শুনি আছোঁ তেহেঁ সয়ম্বৰ পাতিছন্ত॥
ইহাঙ্ক তথাক নিওঁ মিলোক উৎসাহ।
দেখিলে জনকে আঙ্ক দিবন্ত বিবাহ॥১৫৪
এহি গুণি ৰামক বুলিলা পুনৰ্ব্বাৰ।
শুনিয়োক এভু ৰাম বচন আমাৰ॥
জনকৰ ঘৰে কন্যা ভৈল উতপন।
তাহান সদৃশ কন্যা নাই ত্ৰিভুন॥১৫৫
তাহাঙ্ক বিবাহ দিবে জনক নৃপতি।
ৰাজাগণ মিলাই আছে সয়ম্বৰ পাতি॥


চেষ্টা- দৃষ্টি, কটাক্ষ।