পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩ )

শ্ৰী, যশে, মহত্ত্বে, ঐশ্বৰ্য্যে নৃপবৰ।
জানিবা কৌশল্যা পুত্ৰ বিষ্ণুসমসৰ॥১০৮
কৈকেয়ীৰ পুত্ৰ যিটো তান শুনা গুণ।
সমস্ত লোকক তেহোঁ দেখিব আপোন॥
অন্ন, পানে, আস্বাদনে সবাকো ভৰিব।
এতেকে ভৰত নাম সবেয়ো বুলিব॥১০৯
সুমিত্ৰাৰ কুমৰ যৱঞ্জ যিটো দুই।
সমস্ত লক্ষণে যুক্ত কেহোঁ সম নুই॥
জানিবা জ্যেষ্ঠৰ নাম হৈবেক লক্ষ্মণ।
কনিষ্ঠৰ শত্ৰুঘণ বুলিবে বচন॥ ১১০
এহিমতে নাম কৰ্ম্ম কৰি মুনিগণ।
ৰাজাক বুলিলা পাছে প্ৰশংসা বচন॥
তোমাৰ গৃহত হৰি ভৈলা অৱতাৰ।
সন্তক পালিব দুষ্ট, কৰিব সংহাৰ॥১১১
দেৱ কাৰ্য্য সাধিৱন্ত ৰাক্ষসক মাৰি।
সমস্ত লোককে সুখ দিৱন্ত মূৰাৰি॥
এহিমতে গণতি কৰিয়া মুনিবৰ।
অনুমতি লৈয়া সবে গৈলা নিজঘৰ॥ ১১২
দশৰথে আপোনাৰ ভাগ্য মানিলন্ত।
আনন্দে অন্তঃপুৰে প্ৰবেশ ভৈলন্ত॥
যত দেখা ভাৰ্য্যা পুত্ৰ সব অকাৰণ।
পাতক ছাড়োক ডাকি বোল ৰাম ৰাম॥ ১১৩