পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)

শুনিয়া মন্ত্ৰী প্ৰশংসি ৰাজা।
বোলন্ত যাইবে সাজ হৌক প্ৰজা॥
তেখনে গজ-বাজী সাঁজিলন্ত।
সসৈন্যে অঙ্গদেশে আসিলন্ত॥৮৫
দেখিয়া ৰোম পাদ নৃপবৰ।
আসিলা দশৰথ নৃপবৰ॥
বাদ্যে ভণ্ডে আগ বাঢ়িয়া ৰায়।
নমিলন্ত দশৰথৰ পাৱ॥৮৬
অনেক সৎকাৰে আনিলা ঘৰে।
সসৈন্যে পূজিলন্ত নৰেশ্বৰে॥
পাছে ঋষ্যশৃঙ্গ-শান্তাক লৈলা।
দশৰথ নিজ গৃহক গৈলা॥৮৭
শুনা সভাসদ কৃষ্ণকথা।
মনুষ্য জনম নকৰা বৃথা॥
শ্ৰীৰামকীৰ্ত্তন ইহাৰ নাম।
অনন্তে কহে বোলা ৰাম ৰাম॥৮৮


 

ভাণ্ডি ভুণ্ডি-ভাড়ি-ভুড়ি, ছল কৰি, ভুৰুকাই।