পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭)

তাহান ৰাজ্যে নাই বৰিষণ।
কহিলা তান্ত পাছে বিপ্ৰগণ॥৭৯
যি ৰাজ্যত ঋষ্যশৃঙ্গ থাকন্ত।
সি ৰাজ্যে মেঘে সদা বৰিষন্ত॥
জানিয়া ৰাজা বুদ্ধি কৰিয়োক।
নৃজানে যেন তাঙ্ক আনিয়োক॥৮০
জানিলে কদাচিতো নাসিৱন্ত।
হেন শুনি ৰাজা মনে গুণন্ত॥
কিমতে আনো বিভাণ্ডক সুত।
কৰিলা পাছে হেন অদভূত॥৮১
নৌকায় সবে কৰিলন্ত যান।
উপৰে ৰচিলন্ত যানখান।
তাহাৰ উপৰে বৃক্ষ ৰুইলন্ত।
পিষ্টক মোদক লাড়ু থৈলন্ত॥৮২
সুন্দৰীগণক বুলিলা বাণী।
ভুলায় ঋষ্যশৃঙ্গ দিয়ো আনি।
পুৰুষ বিনে নাৰী নজানন্ত।
জগত মুনি মনে মানিলন্ত॥৮৩
এতেকে ভাঙি ভুণ্ডি আনিলন্ত।
আনিয়া শান্তাক বিহা দিলন্ত॥
আজিয়ো আছন্ত তাহান ঘৰে।
যেবে লাগে তাঙ্ক আনা সত্বৰে॥৮৪