পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শুনিয়া কৈকেয়ী বোলয় বাণী।
স্নেহৰ প্ৰিয়া যদি তৱ আমি॥৬৮
তুমি মাত্ৰ সত্য নেৰিবা স্বামী।
যেখন লাগে বৰ লৈবো আমি॥
ৰাজায়ো ভাল ভাল বুলি ৰৈল।
শুনিয়ো তাত পাচে যেন ভৈল॥৬৯
জল সাগৰেসে ৰাজ্যৰ সীমা।
কি কৈবো ৰাজাৰ মহা মহিমা॥
ইন্দ্ৰেয়ো যাক থাকে চাটুকৰি।
আনন্দে আছন্ত নিজ নগৰী॥ ৭০
সপ্তম সহস্ৰ বৎসৰ গৈল।
তথাপি ৰাজাৰ পুত্ৰ নভৈল॥
সভাৰ মধ্যে একদিন ৰায়।
বশিষ্ঠাদি সৱে পাত্ৰক চাই॥৭১
কহিবে লৈলা কথা দুঃখ কৰি।
শুনিয়া সবে আছে মৌন ধৰি॥
বোলন্ত শুনিয়ো পাত্ৰ সমাজ।
এতেক কাল ভুঞ্জো মই ৰাজ॥৭২
সমস্ত আয়ু মোৰ বহি গৈল।
তথাপিতো আসি পুত্ৰ নভৈল॥
পিতৃদেৱ পূজা কৰোহোঁ যত।
অপৱিত্ৰ বুলি কেহোঁ নলন্ত॥৭৩