পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৫১ )

হৰেৰ্ন্নামৈৰ নামৈব নামৈব মম জীবনম্‌।
কলৌ নাস্ত্যেব নাস্ত্যেব গতিৰন্যথা॥

ঘোষা-পৰম ঈশ্বৰ প্ৰভু দেৱ ৰঘুপতি।
ভ্ৰাতৃশোক দেখাইয়া কৰিলা স্বৰ্গে গতি॥

পদ।

কতোক্ষণে উঠি পাছে কৌশল্যা নন্দন।
লক্ষ্মণক নেদেখিয়া কৰন্ত ক্ৰন্দন॥
বোলন্ত তেজিয়া গেলি লক্ষ্মণ ভৈয়াই।
তোহোৰ সন্তাপে কেন প্ৰাণক ন যায়॥১০৬৩
পিতৃ-মাতৃ সীতাৰ শোকক সম্বৰিলো।
তোহোৰ সন্তাপে বাপু সমুলি মৰিলো॥
পিতৃত মাতৃত কৰি মোত অনুৰাগ।
বনবাসে গৈলে তাতো নচাৰিলি লাগ॥১০৬৭
প্ৰাণতো অধিক মোৰ লক্ষ্মণ ভৈয়াই।
তোক তেজি মোৰ জীৱনত কাজ নাই॥
এহি বুলি মক মক কান্দি ৰঘুৰায়।
বোলন্ত ৰজাক লৈয়ো ভৰত ভৈয়াই॥১০৬৫
আৰ নথাকোহোঁ বাপ ইটো নৰ-লোক।
দেৱগণে স্বৰ্গক যাইবাক বোলে মোক॥


সম্বৰিলোঁ—সহিলো। মকমক-হুক হুক।