পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৫০ )

এহি বুলি বিস্তৰ কান্দিলা ৰঘুৰায়।
সঙ্খেপ পদত তাক দিবে নুযুৱায়॥
কতক্ষণ লক্ষণ ৰামক প্ৰবোধিলা।
গদ গদ ভাৱে প্ৰভু বচন বুলিলা॥১০৫৮
এৰিলোঁ লক্ষ্মণ তোক যথা মন চল।
এহি বুলি পৰি প্ৰভু ভৈলন্ত বিহ্বল॥
লক্ষণে জানিলা মোক ৰামে তেজিলন্ত।
প্ৰদক্ষিণে ৰামৰ চৰণে নমিলন্ত॥৭০৫৯
কান্দি কান্দি বুলিলন্ত ভৰতক ধৰি।
দদাক চাহিয়ে মোক চিন্তা পৰিহৰি॥
এহি বুলি অধোমুখে মলিন বদনে।
অযোধ্যা হতে বাজ ভৈলন্ত লক্ষ্মণে॥ ১০৬০
অযোধ্যাত ক্ৰন্দন উঠিল উৰ্ম্মি ৰোল।
হা লখমণ শব্দে পাইল স্বৰ্গ-কোল॥
লক্ষণে উজায় সৰযূৰ তাৰে তীৰ।
মুৰ্দ্ধাস্ফুট কৰি পাছে তেজিল শৰীৰ॥১০৬১
পাইলা দিব্য ৰূপ কোটি সূৰ্য্যৰ জেউতি।
নিলা আগবাঢ়ি দেৱগণ সুৰপতি॥
লক্ষ্মণৰ কথা এহি মানে উপসাম।
সমস্ত সমাজে ডাকি বোলা ৰাম ৰাম॥১০৬২



উপসাম-শেষ।