পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৪৮ )

বোলন্ত শুনিয়ো ৰঘুনাথ সুবিনীত।
তযু ঘৰে অন্ন ভুঞ্জিবাক আছে চিত॥১০৪৭
সিহেতু আসিয়া আছোঁ শিষ্য সমন্বিত।
ভুঞ্জায়ো আমাক দিব্য তুমি পঞ্চামৃত॥
শুনিয়া ৰাঘবে তেতিক্ষণে অন্নপান।
সাজি আনি দিলা দিব্য পিঠা পৰমান॥১০৪৮
দেখি ঋষি আনন্দে ভুঞ্জিয়া শিষ্য সমে।
আশীৰ্ব্বাদ দিয়া গৈলা আপোন আশ্ৰমে॥
অনন্তৰে ৰাঘৱে দেখিয়া লক্ষণক।
অঙ্গীকাৰ স্মৰি আতি দেখন্ত যমক॥১০৪৯
ভেদিল হৃদয় লক্ষ্মণৰ শোক শেলে।
হা লখাই বুলি প্ৰভু পৰিলা নিঢালে॥
দেখি লক্ষ্মণৰ শোকে শৰীৰ দগধ।
আছিলা ক্ষণেক তম্ভি নয়ন তবধ॥১০৫০
ৰামক সাৱটি পাছে চিত্ত দৃঢ় কৰি।
বোলন্ত উঠিয়ে দদা শোক পৰিহৰি॥
সত্বৰে সত্যক ৰাখি কাটিয়োক মোক।
ক্ষত্ৰিয়ৰ এহি মোক্ষ ধৰ্ম্ম জানিয়োক॥১০৫১
মোহোৰ ললাটে লেখা আছে এহি সাৰ।
উপজিলে মৰিবাক লাগে একবাৰ॥
মোহোৰ লিখিত জানি শোক এৰিয়োক।
সত্য ৰক্ষা কৰি দদা মোক কাটিয়োক॥১০৫২