পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪৭ )


আথে বেথে কাল দিল পঠাই।
কিসক আসিলি বুলি লখাই॥
নিচালে পৰিয়া মূৰ্চ্চা গৈলন্ত।
দেখিয়া লক্ষ্মণে ধৰি বোলন্ত॥১০৪৪
এৰিয়ো ইশোক পাইবাহা পাছে।
দুৰ্ব্বাশা ৰাক্ষস দ্বাৰত আছে॥
তাহাক যি লাগে প্ৰবোধ দিয়া।
শুনিয়া ৰাঘৱে শোক তম্ভায়া॥ ১০৪৫
গৈলন্ত যথাত ঋষি আছয়।
বোলন্ত প্ৰণামি কি আজ্ঞা হয়॥
কহে মুঢ়মতি অনন্ত নাম।
সমস্ত লোকে বোলা ৰাম ৰাম॥১০৪৬

ঘোষা॥ প্ৰাণ ভাই লখাই তেজিয়া
   কৈক যাস।
তোহোৰ সন্তাপে বাপু ভৈলোঁ
   সৰ্ব্বনাশ॥

পদ।

ৰাঘৱৰ বিনয়ত দুৰ্ব্বাশা হৰিষ।
দশন প্ৰকটি হাঁসি দিলন্ত আশীষ॥


তম্ভায়া-সম্বৰণ কৰি।    প্ৰকটি—মেলি।