পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৪৫)

শুনি ৰামে সত্য কৰিলা বাণী।
বোলন্ত কাটিবো দেখোঁ যি প্ৰাণী॥
এহি বুলি দ্বাৰে লখাইক থৈলা।
কালে সমে গোপ্য কহিবে লৈলা॥১০৩৪
বোলন্ত ঋষি নহোঁ মই কাল।
পঠাইয়া আছে দশ দিগপাল॥
বোলন্ত ব্ৰহ্মা আদি দেৱগণে।
কহিয়োক গৈয়া ৰামৰ চৰণে॥ ১০৩৫
যি কাৰণে প্ৰভু ৰাম গৈলন্ত।
দেৱৰ কাৰ্য্য সব সাধিলন্ত॥
ৰাৱণক মাৰি হৰিলা ভাৰ।
কি কাৰ্য্যে থাকিবাক লাগে আৰ॥ ১০৩৬
সত্বৰ কৰি প্ৰভু আসন্তোক।
এহি বাক্য বুলি পঠাইলা মোক॥
ৰাঘৱে বোলন্ত শুনিয়ে কাল।
যি কথা কহিলা সকলে ভাল॥১০৩৭
কিন্তু দুই পুত্ৰ থাপিয়া থৈবো।
তেবেসে বৈকুণ্ঠক চলি যাইবো॥
ব্ৰহ্মাৰ আগত কৈবা হৰিষি।
এহি কথা মাতে আছন্ত বসি॥১০৩৮ .


কথা মাতে-আলাপে।