পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১১ )

অন্ধক মুনিৰ পুত্ৰ সিন্ধু নাম ভৈলা।
সন্ধ্যাকালে সৰযু-জলক লাগি গৈলা॥
গৰঙ্গ ভৰন্তে শব্দ কুল কুল ভৈল।
ৰাজা বোলে গজে পনী পীয়ে মনে লৈল॥৪৮
তেতিক্ষণে শব্দভেদী প্ৰহাৰ কৰিল।
মুনি তনয়ৰ গৈয়া হৃদয়ে পৰিল॥
হা, মৰিলোহোঁ বুলি আৰ্ত্তৰৱ কৰি।
মূৰ্চ্ছা গৈয়া পৰিলন্ত জলৰ উপৰি॥৪৯
লাগিলেক বাণ ৰাজা পাইলন্ত উমান।
শীঘ্ৰ বেগে খেদিয়া গৈল সেহি থান।
দেখিলা ব্ৰাহ্মণ-পুত্ৰ পৰিছে জলত।
উভ ফোল কৰি শৰ আছে হৃদয়ত॥৫০
হা, কি কৰিলোঁ পাপী অধোগতি গৈলোঁ॥
সূৰ্য্য বংশী ৰাজা হুয়া ব্ৰাহ্মণ বধিলোঁ।
আপোনাক ধিক্কাৰ কৰন্ত নৰপতি।
কতো বেলি মুনি-পুত্ৰ পাইলন্ত চৰুতি॥৫১
ৰাজাক দেখিয়া দুঃখে বুলিলন্ত বাণী।
কোন শত্ৰু কিসক মাৰিলা শৰ হানি॥
ৰাজা বোলে অজ্ঞানত কৰিলোঁ প্ৰহাৰ।
শাপি ভস্ম কৰি কৰা নৰক উদ্ধাৰ॥৫২
বিপ্ৰে বোলে তোক শাপি হৈবে কিবা মোৰ।
অন্ধক পিতৃৰ শাপে দুঃখ পাইবি ঘোৰ।