পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৩২)

ইহাতে আমাৰ হেন বিলাই।
এহি বুলি শোকে কান্দন্ত আই॥
লোকৰ নাই সন্তাপৰ পাৰ।
বাঢ়ন্তেসে যাই শোক সীতাৰ॥৯৯৪
নোহ্লায় শোক-শেল জানকীৰ।
কোপে অপমানে নুহিকে থিৰ॥
দুনাই বোলন্ত মনৰ দুখ।
আৱৰ নচাহো ৰামৰ মুখ॥৯৯৫
ভূমিক কাতৰ কৰে সীতাই।
জন্মিলোঁ তোমাত তুমি হে আই॥
আউৰ নুশুনোহোঁ ৰামৰ নাও।
ফাট দিয়া ভূমি তোতে লুকাওঁ॥৯৯৬
যেবে শান্তী পুণ্য আছোহোঁ ৰাখি৷
চন্দ্ৰ সূৰ্য্য দেৱ হুইবাহা সাখী॥
তেবে ঝান্টে মাৰ দিয়োক বাট।
গুছোক মোহোৰ দুখ ললাট॥ ৯৯৭
দিলা তিনি ডাক ৰাম বল্লভা।
তল বল কৰি কাম্পয় সভা॥
ছাট কৰে ভূমি দিলেক ফাট।
উঠলিল এক সুবৰ্ণৰ খাট॥৯৯৮


ঝাণ্টে-বেগেতে। আকলে বিকলে-অস্থিৰ হৈ।