শ্ৰীৰাম কীৰ্ত্তন সম্বন্ধে কবলগা।
⸺:৹:⸺
এই পুথিখন আসামৰ সকলো জিলাতে পোৱা যায়। উত্তৰ লক্ষ্মীমপুৰত ইয়াৰ প্ৰচাৰ আটাইতকৈ বেছি যেন লাগে। লক্ষ্মীমপুৰ আৰু নগাৱঁৰ বৰদোৱা অঞ্চলত বহুত নাম-লগাওঁতাই এই পুথিৰ পদ মুখস্থ ৰখা আৰু নাম- প্ৰসঙ্গত ইয়াৰ পদ দিয়া দেখা যায়। কিন্তু বৰ আচৰিত কথা যে, ৰায় চাহেব দীনেশচন্দ্ৰ সেন মহাশয়ে তেখেতৰ “বঙ্গভাষা ও সাহিত্য” নামৰ গ্ৰন্থত এই পুথিৰ নাম অনন্ত ৰামায়ণ” দি নানা কল্পনাৰ অৱতাৰণা কৰি পুথিখন বঙ্গভাষাৰ বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছে। অৱশ্যে তেখেতৰ এটা অনুমান কিছু ঠিক হৈছে “আমৰা এই পুস্তকেৰ প্ৰণেতাকে বঙ্গেৰ পূৰ্ব্বোত্তৰ সীমান্তস্থিত কোন পল্লীৰ অধিবাসী বলিয়া গ্ৰহণ কৰিতে পাৰি।”
গ্ৰন্থকৰ্ত্তাই গ্ৰন্থৰ ভিতৰেদি এইদৰে নিজৰ পৰিচয় দিছে:—
এতেকে অৱজ্ঞা কাকো কৰিবে উচিত নহে
শুনা কৃষ্ণ দাসৰ চৰিত্ৰ।
যশ চন্দ্ৰ খাঁ যে ভূঞা আছিলা প্ৰখ্যাত বৰ
সদায় ধৰ্ম্মত যাৰ চিত্ত॥১০২৫