পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২২৮)

সীতা সব শান্তী ত্ৰৈলক্যে নাই।
কহিলোঁ ৰাঘৱ তোমাৰ ঠাই॥
যিলাগে পৰীক্ষা কৰিয়ো কাজ।
শুনি জয় জয় কৰে সমাজ॥৯৭৬
ঘৰে বোলন্ত ঋষিক মাতি।
মইতো জানোঁ সীতা শান্তী আতি॥
তথাপি দুৰ্জ্জনে কুবাদ গায়।
আবে তাৰ মুখে পৰিল ছাই॥৯৭৭
জগতে জানিল সীতা যিমত।
লক্ষেক পৰীক্ষা তযু শপত॥
এতেকে সীতা সম্বৰিলোঁ আমি।
এহি বুলি পাছে ৰাঘৱ স্বামী॥৯৭৮
কাঞ্চন আসন দিলন্ত পাৰি।
বসিলা বাল্মীকি ঋষিৰ শাৰী॥
পাছে জানকীক ৰামে চাহিলা।
তাৱস্থা দেখিয়া মূৰ্চ্চিত ভৈলা॥৯৭৯
পৰে নয়নৰ লোতক ঝৰি।
বস্ত্ৰৰ অঞ্চলে মোচন্ত ধৰি॥
ৰামৰ শোকত সবে কান্দন্ত।
কতোক্ষণে প্ৰভু সুস্থ ভৈলন্ত॥৯৮০


কুবাদ-কুৰটনা, অপবাদ