পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২৩ )

সীতাৰ অৱস্থা দেখি চাৰিয়ো কান্দন্ত।
হৰি হৰি সীতা আই কি ভৈল বোলন্ত॥৯৫১
প্ৰভু ৰাম ৰাজাৰ তুমিসে পটেশ্বৰী।
তোমাৰ বিলাই দেখি কেনে নাযাওঁ মৰি॥
এহি বুলি চাৰি বীৰে বহু কান্দিলন্ত।
কান্দি কান্দি হনুমন্তে কাতৰ কৰন্ত॥৯৫২
তোমাক যিদিনা আই নিৰ্ব্বাস দিলন্ত।
সেহি দিন হন্তে তান দুখ অপৰ্য্যন্ত॥
স্নান পান ভোজন সমস্ত তেজিলন্ত।
হা সীতা প্ৰাণেশ্বৰী বুলি ফোকাৰন্ত॥৯৫৩
অবিচ্ছেদে দুয়ো নয়নৰ বহে নীৰ।
ক্ষমিয়োক দোষ মাৱ হেনয় স্বামীৰ॥
বিধিৰ লিখন কোনে বাধিবাক পাৰে।
ইবাৰৰ দোষ মাৱ ক্ষমিয়ো আমাৰে॥৯৫৪
তোমাৰ তনয় গীত সভাত গাইলন্ত।
আপোনাৰ পুত্ৰ বুলি ৰামে চিনিলন্ত॥
তুমি জীয়া বুলিয়া তেবেসে বাৰ্ত্তা পাইল।
তোমাক নিবাক প্ৰভু আমাক পঠাইল॥৯৫৫
উঠিয়োক শান্তি মাৰ হুয়ো জাতিস্কাৰ।
আজি ধৰি দুহান্তৰো খণ্ডোক নিকাৰ॥


ফোকাৰন্ত-ফেকুৰে, উচুপি-উচুপি কান্দে।