পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১৩)

থাকন্ত হেন দুখে নিৰন্তৰ।
শুনিয়োক আবে যজ্ঞ ৰামৰ॥৯০৩
পুছিলা বশিষ্ঠত ৰঘুবৰ।
কহিয়ো কোন যজ্ঞ শ্ৰেষ্ঠতৰ॥
বশিষ্ঠে অশ্বমেধ যজ্ঞ কৈলা।
ৰাঘৱে পাছে তাকে আৰম্ভিলা॥৯০৪
হাঙ্কাৰিলা সাতো পৃথিবীৰ প্ৰায়।
সমস্ত সম্ভাৰ মিলাইলা সিঠাই॥
সমস্ত ঋষি মাতি আনিলন্ত।
পাতালৰো নাগগণ আইলন্ত॥৯০৫
গোমতী নদীৰ তীৰত ৰাম।
সজাইল গৃহ আতি অনুপম॥
তাতে আৰম্ভিলা যজ্ঞ বিশেষ।
সমস্ত মুনিৰ পায়া উদ্দেশ॥৯০৬
যজ্ঞত বসিলন্ত ৰঘুবৰ।
দেখিয়া বশিষ্ঠে দিলা উত্তৰ॥
কহে মূঢ় মতি অনন্ত নাম।
সমস্ত লোকে বোলা ৰাম ৰাম॥৯০৭


হাঙ্কাৰিলা—আহ্বান কৰিলে, মাতিলে