পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১১ )

বন্য জন্তু সব কালে উপসি।
সশিষ্যে বাল্মীকি পাইলন্ত আসি॥৮৯৩
সীতাৰ নিৰ্ব্বাস দুখ দেখিয়া।
মনত শ্ৰীৰামক গৰহিয়া॥
পাছে নিজাশ্ৰমে ঋষি নিলন্ত।
আপোন জীউ বোধে পুসিলন্ত॥৮৯৪
ফলে মূলে প্ৰাণ ৰাখন্ত আই।
পৃথিবীতে পৰি থাকে সদায়॥
স্বামীৰ দুৰ্ঘোৰ কৰ্ম্ম সুমৰি।
সদায় লোতকে ভিজে পাঞ্জুৰি॥৮৯৫
এহিমতে দুখে সীতা আছন্ত।
ঋষি পত্নীগণে বেঢ়ি থাকন্ত॥
তাৰাৰ মধ্যতে দুই কুমৰ!
জন্মিল সুন্দৰ আতি সীতাৰ॥৮৯৬
ঋযিয়ে নাম কৰ্ম্ম কৰাইলন্ত।
লৱ-কুশ নাম দুইৰো থৈলন্ত॥
আপোন কৃত্য যিটো ৰামায়ণ।
পঢ়াইলা পঢ়িলন্ত দুয়ো জন॥৮৯৭
শিখাইল ধনুৰ্ব্বেদ ৰাজ-নীতি।
ভৈলা দুয়ো বৰ সীতা সন্ততি॥


পাঞ্জুৰি - বুক।