পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০৮)

সাত সমুদ্ৰৰ জল আনিয়া মিলাইল।
পুণ্য যোগে শ্ৰীৰামক ৰাজ্য জোকাৰিল।৮৭৯
ৰাম ৰাজা ভৈলন্ত প্ৰজাৰ ভৈল সুখ।
খণ্ডি গৈল সমস্তৰে যত মন-দুখ॥
ৰুইলে উপজে শস্য অপাৰ ভূমিত।
নদী সবো বহিবে লাগিলা পঞ্চামৃত॥ ৮০০
অকালত মৃত্যু কাৰো নাহিকে প্ৰজাৰ।
পিতৃ-মাতৃ আগত পুত্ৰৰ নাহি মাৰ॥
এহিমতে ৰঘুনাথ প্ৰভু ৰাজা ভৈলা।
সুগ্ৰীৱ আদিক বস্ত্ৰ ভূষণে মণ্ডিলা॥৮৮১
বিভীষণ হনুমন্ত অঙ্গদ বীৰক।
সমস্তৰে মন পূৰি পঠাইলা দেশক॥
তেসম্বো প্ৰভুৰ পাৰে ভকতি মাগিয়া।
প্ৰণাম কৰিয়া গৈল কান্দিয়া কান্দিয়া॥৮৮২
ৰাম লখমণ সীত ভক্তৰ স্নেহত।
তাসম্বাকে চাই ৰৈলা পৰম দুখত॥
পাছে ৰামে সমস্তকে ৰঞ্জিলন্ত আতি।
সাতো পৃথিবীৰ প্ৰভু ভৈলন্ত নৃপতি॥৮৮৩
কৰ দণ্ড নলৱন্ত নাহি বান্ধ মাৰ।
এহিমতে প্ৰভু দেৱে পালিলা সংসাৰ।
ৰামৰ চৰণে সৱে ভকতি কৰন্ত।
নাহি শোক তাপ যেন স্বৰ্গত বঞ্চন্ত॥ ৮৮৪