এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০৫)
ৰামৰ পাৱত আনি সীতাক অৰ্পিলা।
সপোনত দশৰথে ৰামক কহিলা॥
তেবেসে সীতাক প্ৰভু দেৱে সম্বৰিলা।
ইন্দ্ৰৰ বৰত মৰা বান্দৰ জীয়াইলা।৮৬৫
ব্ৰহ্মাদি দেৱক ৰাম দেৱে নমিলন্ত।
ৰামত বিদায় মাগি সবহি গৈলন্ত॥
অনন্তৰে ৰামে মাতিলন্ত বিভীষণ।
সমস্ত বীৰক তুমি দিয়োক ভূষণ॥৮৬৬
ৰামৰ আদেশে বিভীষণ মহাশয়।
দিব্য অলঙ্কাৰে মণ্ডিলন্ত বীৰচয়॥
পাছে শ্ৰীৰামক বুলিলন্ত বিভীষণ।
আমাৰ লঙ্কাত থাকা কতো দিন মান॥৮৬৪
ৰাঘবে বোলন্ত মিত্ৰ উচিত নহয়।
ভৰতে তহিত দুখ পাৱে অতিশয়॥
যেন শীঘ্ৰ পাওঁ গৈয়া অযোধ্যা নগৰী।
সেহি কৰ্ম্ম কৰিয়োক হেলা পৰিহৰি॥৮৬৮
হেন শুনি বিভীষণে পুষ্পক বিমান।
শ্ৰীৰামৰ আগে আনি যোগাইলেক যান॥
বীৰগণ সমে তাত চৰিলন্ত যাই।
সমস্ত স্থান যান্তে সীতাক দেখাই।৮৬৯
এহিমতে পাইলা ভৰদ্বাজৰ আশ্ৰম।
তহিতে বিমান ৰাখিলন্ত প্ৰভু ৰাম॥