পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০৩)


পাছে ৰামে প্ৰহাৰ কৰিলা অৰ্দ্ধ চন্দ্ৰ।
ছেদিয়া পেহলাইলা ৰাৱণৰ দশস্কন্ধ॥
পুনৰপি উঠিয়া ৰামক ৰণ কৰে।
দেখি ৰামে তাকো কাটি পেলাইলা সত্বৰে॥৮৫৫
এহি মতে কাটিলন্ত একশত বাৰ।
তথাপিতো ৰাৱণাৰ নভৈলেক মাৰ॥
পৰম বিস্ময় ৰামে মনত গুণন্ত।
কৰযোৰে মাতলিয়ে ৰামত কহন্ত॥৮৫৬
পূৰ্ব্বে ৰাবণায়ে মহেশক আৰাধিলা।
তাহান কৃপাত ইটো বৰক লভিলা॥
ব্ৰহ্ম অস্ত্ৰ মাৰি আক কৰিয়ো বিদাৰ।
তেবেসে ৰাৱণ মৰি যাইব যম-দ্বাৰ॥৮৫৭
হেন শুনি ব্ৰহ্ম অস্ত্ৰ ধনুত যুৰিল।
মন্ত্ৰ অভিষেকি ৰাবণক প্ৰহাৰিল॥
হৃদয় সৰকি বাণ পাতালক গৈল।
তাহাৰ পতনে ভূমি তল বল ভৈল॥৮৫৮
হাহাকাৰ শৱদ উঠিল ৰাক্ষসৰ।
জয় জয় ৰাম ধ্বনি লৈ গৈল দেৱৰ॥
পুষ্প বৰিষিয়া সবে স্তুতি নতি কৰে।
ৰিঙ্গ ঝান্তি আনন্দ মিলিল বান্দৰৰে॥৮৫৯


ৰিঙ্গ ঝান্তি–টিকি-ৰিঙি।