এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০০)
হৃদয়ত পৰি পাতাল পৰ্য্যন্ত
পশি গৈল হলহলি।
লখাই পৰিলা দেখি আথে-বেথে
আনিবাক গৈল চলি॥
শ্ৰীৰামে দেখিয়া শৰ জাক দিয়া
বিন্ধিলেক নাকে মুখে।
গাণ্ডি পেট পিঠি শালি শালি থৈল
চুৰ্ত্তি হৰাই গৈল দুখে॥৮৪৭
পাছে দশগ্ৰীবে বিমুখে পলায়
গৈলা নিজ ৰথ লাগি।
শ্ৰীৰামে লখাইৰ শকতি কাঢ়িল
হনুৱে পেহ্লাইলা ভাগি॥
জাম্বুৱন্ত আদি সবহি ৰহিলা
লক্ষ্মণক ৰক্ষা কৰি।
ৰাৱণাক খেদি গৈলন্ত ৰাঘৱ
হাতে ধনুশৰ ধৰি॥৮৪৮
ৰথ-ধ্বজ, ধনু সমস্ত কাটিয়া
কিৰীটি ছেদি পেলাইল।
ৰণত হতাশ হুয়া লঙ্কেশ্বৰ
লঙ্কাত গৈয়া পশিল॥
হলহলি-কতো নোৰোৱাকৈ, একেৰাহে।
গাণ্ডি-গড়ি, গা। সবহি-সকলো।