এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৯৫)
তাহাকো দুৰ্ঘোৰ সংগ্ৰাম কৰিয়া
শ্ৰীৰামদেৱে মাৰিল॥
মকৰাক্ষ যেবে ৰণত পৰিল
ৰাৱণায়ে শুনিলেক।
ৰাৱণীক ৰাজা সম্বোধন কৰি
ৰণক পঠাই দিলেক॥৮৩৫
সিয়ো গৈয়া মায়া- সীতা কাটি ৰণ
কৰিলে হনু সহিত।
হনু তাক ৰণে ভঙ্গ কৰি শোকে
গৈলন্ত ৰাম সন্নিত॥
বিবৰ্ণ বদনে ৰামৰ আগত
সীতাৰ বাৰ্ত্তী কহিলা।
শোক সাগৰত মগ্ন ভৈলা প্ৰভু
বিভীষণে প্ৰবোধিলা॥৮৩৬
বোলন্ত ই কথা সবে মায়াময়
তোমাক মাত্ৰ বঞ্চিল।
এহি চলে সিটো নিকুম্ভিলা বট
তলে যজ্ঞ আৰম্ভিল॥
শীঘ্ৰ কৰি মোক লক্ষ্মণক দিয়ো
তবে হবে কাৰ্য্য ভাল।
ইহানে হাতত সিটো পাপিষ্টৰ
অৱশ্যে হৈবেক কাল॥৮৩৭