পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯৪)

ডেংমেলি পুনু আসিয়া ভৈলন্ত
 হনুমন্ত মহাবলী॥ ৮৩২
ঔষধৰ গন্ধ পাইয়া তেতিক্ষণে
 সসৈন্যে ৰাম মুৰাৰি।
ঘুমুটিৰ উঠি  যেন সবে হন্তে
 বসিলেক শাৰী শাৰী॥
পুনু কিচ্‌ কিচ্‌, কুক্‌ কুক্‌ শব্দে
 লঙ্ঘিল উৰ্দ্ধৰ পাশ।
লঙ্কাৰ লোকৰ  কাণে তাল দিল
 শুনি দশগ্ৰীৱ ত্ৰাস॥৮৩৩
পাছে সুগ্ৰীৱৰ আদেশে বান্দৰে
 হাতে ধৰি জোঙ্গ খড়ি।
চতুৰ্ভিতি থাকি  অগনি লগাইল
 সমস্ত লঙ্কাক জুৰি॥
অনন্তৰে কুম্ভ নিকুম্ভ বীৰক
 আদেশিল দশশিৰ।
সুগ্ৰীৱে কুম্ভক মাৰি পেলাইলেক
 নিকুম্ভক হনুবীৰ॥৮৩৪
দুয়ো পৰিবাক শুনি মহা শোকে
 মকৰাক্ষ আদেশিল।


ডেংমেলি-ডেৱ দি।