পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯২)

ব্ৰহ্মা বৰ দিলন্ত নিশ্চিত।
মৰণেসে আমাৰ উচিত॥৮২৬
হাতে ধনু ধৰ দৃঢ় কৰি।
বান্দৰৰ হওঁ শেষ তৰী॥
অনন্তৰে মেঘনাদ বাণে।
দুয়ো ভাইক পীড়িল সন্ধানে॥৮২৭
ঢলিয়া পৰিল দুয়ো ভাই।
প্ৰাণবায়ু নাসে নেখেলায়॥
নিশৱদ দেখি ৰণস্থলী।
সবে সৈন্য সংহাৰিলা বুলি॥৮২৮
মনে বৰ মিলিল আহলাদ।
লঙ্কাত পশিলা মেঘনাদ॥
ৰাৱণত সমস্ত কহিলা।
শুনি দশগ্ৰীৱ প্ৰশংসিলা॥৮২৯
কায়স্থ হৃদয়ানন্দে কয়।
শুনিয়োক সভাসদ চয়॥
ৰাম কথা সংসাৰৰ সাৰ।
জানি ৰাম বোলা বাৰম্বাৰ॥৮৩০


নেখেলায়-নচলে, নবয়।