পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯০)

আৰো দুই খুড়াও পৰিল।
বিধাতাই হেন সে কৰিল॥৮১৬
সৈন্যে সমে ৰাম লখমণ।
আজি পঠাওঁ যমৰ কৰণ॥
বহে তাক হাজাৰে ঘোঁড়ে।
ৰথ চলিলেক যেন উৰে॥৮১৭
বিক্ৰমে ধনুক টঙ্কাৰিয়া।
সৈন্য সব ভঙ্গাইলেক গৈয়া॥
শ্ৰীৰামে বোলন্ত বিভীষণ।
ইটো কোন ভঙ্গাইলেক ৰণ॥৮১৮
বোলন্ত এহিটো অতিকায়।
শত্ৰু যাৰ শৱদে পলায়॥
ইহাক যুঁজিবা সাৱধানে।
শুনি খেদি গৈলেক লক্ষ্মণে॥৮১৯
দুইৰো ঘোৰ যুদ্ধ মিলি গৈল।
ত্ৰিজগতে দেখি ত্ৰাস ভৈল॥
পাছে বায়ু সম্ভেদ কহিলা।
লক্ষ্মণে ব্ৰহ্ম অস্ত্ৰ প্ৰহাৰিলা॥৮২০
অতিকায় তেবে পৰি গৈল।
পৃথ্বি, কম্পি কাম্প ঠাই লৈল॥


কৰণ-হাত, ঠাই।