পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯

মহোদৰ ত্ৰিশিৰা দেৱান্ত।
তিনিকো অঙ্গদে প্ৰহাৰন্ত॥৮১১
দেখি নীল হনুমন্ত দুই।
অঙ্গদৰ পাখা পূৰ হুই॥
দুই দুই ৰাক্ষসক পাই।
ঘোৰ যম-পূৰে দিলা ঠাই॥৮১২
দেৱাতক হনুৱে মাশিলা।
নীলে মহোদৰ সংহাৰিলা॥
দেখিলে খুড়ত পৰিল।
হনুক ত্ৰিশিৰা যুদ্ধ দিল॥৮১৩
তাৰ ৰথ ধ্বজ তূণ বাণ।
সব ভাঙ্গিলন্ত হনুমান॥
ত্ৰিশিৰাৰ খড়গ কাঢ়ি লৈয়া॥
চুলে ধৰি বামে ঘুৰাইয়া। ৮১৪
সাগৰ গহন হনুমন্ত।
তিনি শিৰ চোটে ছেদিলন্ত॥
দেখি মহাপাৰ্শ্ব নিকলিল।
ঋষভে তাহাক সংহৰিল॥৮১৫
অতিকায গুণে মনে মনে।
তিনি ভাই পৰিলেক ৰণে॥


টয়া-খেদি। খুড়ত-খুড়াক। নিকলিল-ওলাল।