পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮১ )


পূৰ্ণ চন্দ্ৰ সদৃশ ছত্ৰক তুলি লয়।
দুই পাশে ধৱল চামৰ টুপে দুই॥
বিন্ধ্য গিৰি সদৃশ শৰীৰ যাৰ বলে।
জাতিস্কাৰ দশ মুখ অগ্নি সম জ্বলে॥৭৭৩
এহিতো ৰাৱণ দদা পৰম দুৰ্ব্বাৰ।
শবদতে ৰিপুগণ পলায় যাহাৰ॥
সাৱধানে যুঁজিবাহা ইটো ৰাৱণাক।
খলমলি লগাই আছে সবে ত্ৰৈলোক্যক॥৭৭৪
নিৰন্তৰে শুনিয়োক ৰামৰ কীৰ্ত্তন।
শ্ৰীৰাম চৰণে সবে দিয়া একমন॥
স্বপ্ন সম দেখিয়োক আন যত কাম।
তিলেক জীৱন জানি বোলা ৰাম ৰাম।৭৭৫


ঘোষা॥ ৰাম নিৰঞ্জন জগত আধাৰ।
তুমিসে পৰম দেৱ আমাৰ॥

পদ।

এত হন্তে আসি ৰাৱণ বীৰে।
জাকে জাকে হানি বান্দৰ মাৰে॥
দেখিয়া আপুনি সুগ্ৰীৱে তাক।
‘বহ’ বুলি মাৰে পৰ্ব্বত জাক॥৭৭৬


দুৰ্ব্বাৰ-দুৰ্দ্দমনীয়।