এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭৩ )
ৰাৱণৰ আগে ধীৰে গৈলা কপিবৰ।
মেৰুৰ শিখৰ যেন দেখি কলেবৰ॥
সম্বুধি বোল ওৰে দুৰ্জ্জন ৰাৱণ।
মোক কি চিনস তই মই কোন জন॥৭৩৫
কালিৰ নন্দন মই শ্ৰীৰামৰ দূত।
তোক লাগি ৰামে বাক্য পঠাইলে বহুত॥
ত্ৰৈলোক্যত যত যত অকৰ্ম্ম কৰিলি।
ধৰ্ম্ম দৌল সীতা দেবী ঘটক ভাঙ্গিলি॥৭৩৬
এতেকে শ্ৰীৰামে দশস্কন্ধ ছেদিৱন্ত।
তোক বলী দিয়া ৰণ চণ্ডী পূজিৱন্ত॥
শুন ওৰে তিৰী চোৰ দুৰ্জ্জন ৰাৱণ।
মুনিস হোৱস যদি আসি দেহ ৰণ॥৭৩৭
নচেত সীতাক মাথে তুলি এতিক্ষণ।
পশ গৈয়া ৰাঘৱৰ চৰণে শৰণ॥
হেন নকৰস যদি ৰক্ষা নাহি তোৰ।
যৈত পলা তৈতে খেদি খাব ৰামশৰ॥৭৩৮
হেন শুনি ক্ৰোধিলা দুৰ্ব্বাৰ লঙ্কেশৰ।
চাৰি ৰাক্ষসক বোলে বান্দৰক ধৰ॥
চাৰি গোটা বীৰে তান দুখান হাতক।
ধৰি বল দিয়া নপাৰিল লাৰিবাক॥৮৩৯
এহি মুখে ৰাৱণ ৰামক যুদ্ধে চাস।
চাৰিকো উৰ্দ্ধে নিয়া কৰিলা বিনাশ॥