পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭২ )


বিভীষণ সমে আমি ৰাৱণক যুজো।
দশশিৰ ছেদি তাৰ ৰণ চণ্ডী পূজো॥
মধ্য থানে থাকোক সুগ্ৰীৱ কপিৰাজ।
জাম্বুৱন্ত আদি ৰাখো বান্দৰ সমাজ॥৭৩০
সবহি বান্দৰে মনুষ্যৰ বুদ্ধি ধৰা।
ঘৰহিতে যুজি দুষ্ট ৰাক্ষস সংহৰা॥
এহি বুলি লক্ষ্মণ সহিত চলিলন্ত।
সুবেলত চৰি লঙ্কাপুৰী দেখিলন্ত॥৭৩১
সুবৰ্ণ মাণিকে বিশ্বকৰ্ম্মা নিৰ্ম্মিলন্ত।
চাৰি দ্বাৰে ৰাক্ষস দেখিল অপৰ্য্যন্ত॥
কাণ্ডে খাণ্ডে যাঠি জোঙ বজাৱন্তে আছে।
অস্ত্ৰ শস্ত্ৰ ধৰিয়া যুদ্ধৰ সব কাছে॥৭৩২
অনন্তৰে তৈৰ হন্তে ৰাঘৱ নামিলা।
চৌদিশে যন্তায়ো বুলি আদেশ কৰিলা॥
ৰামৰ আদেশে সৰ্ব্ব দিশে যন্তাইলেক।
কিচ্ কিচ্, কুক্ কুকি শব্দ উঠিলেক॥ ৭৩৩
উত্তৰ দুৱাৰে ৰাম ৰৈলা সমদলে।
বিভীষণ লক্ষ্মণে সহিতে কতূহলে॥
অনেক কটুৰ বাক্য বুলি ৰঘুৱৰে।
অঙ্গদক পঠাইলেক ৰাৱণৰ তৰে॥৭৩৪


সবহি-সকলো।  খাণ্ডা-খড়্গ দা
বজাৱন্তে-ওলাই।  ঘৰহিতে—নিজমঙ্গলৰ নিমিত্তে।