পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬৭ )

ঘোষা। স্বামী ৰাম, তুমি দেৱ,
দীন দুঃখহাৰী।।

পদ।

সৰমাৰ স্নেহ দেখিলা।
সীতা আই বুলিবে লাগিলা।।
তুমি জানোঁ সোদৰ বহিনী।
কোন বিধি মিলাইলেক আনি॥৭০৭
যান্তে গৈয়া আসা বাৰ্ত্তা লই।
মই হেৰা থাকোঁ বাট চাই।।
সৰমা চিলনী বেশ ধৰি।
গৈয়া দেখি আইলা শীঘ্ৰ কৰি॥৭০৮
সৰমাক দেখি আকলিলা।
তেহোঁ হাঁসি কহিতে লাগিলা।
সসৈন্যে ৰামক দেখি আইলো।
ৰাৱণৰ সব বাৰ্ত্তা পাইলোঁ।। ৭০৯
বৃদ্ধ মন্ত্ৰী সবে বুলিলেক।
ৰাঘৱক তোমাক দিবেক।।
নোফড়ে তাহাৰ সিটো মতি।
অৱশ্যে যাইবেক অধোগতি॥৭১০


নোফোড়ে-নোভোতে।