পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬০ )


তাৰাকো বিভীষণে লাগ পাইল।
লাঠি ভুকু কিল বহু মাৰাইল॥
বান্ধে সমে এৰি পঠাইয়া দিল।
ৰাৱণে সবাৰো বান্ধ মেলিল॥ ৬৮৭
শাৰ্দ্দুল প্ৰমুক্ষে ছাৰে বোলয়।
সাৰণে যি কৈল সকলে হয়॥
তুমি যে সুন্দৰী কৈতো নাপাইলা।
ৰাম অগনিৰ শিখা হৰিলা॥১৮৮
বিৰাধ কৱন্ধ ত্ৰিশিৰা কাল।
ত্ৰিজগতে বালি বীৰ বিশাল॥
তাকো একেশৰে পেহলাইলা মাৰি।
তাহান ভাৰ্য্যাক আনিলা হৰি॥৬৮৯
এতেকে তোমাৰ নাহি কল্যাণ।
তথাপি চিন্তিয়ো আপোন ত্ৰাণ॥
হেন শুনি তাকো গৰ্জ্জিয়া ৰায়।
কাৰ্য্য আলোচিলা পাত্ৰ মিলাই॥ ৬৯০
বিদূজিন্ধক বোলে মাতিয়া।
ৰাম শিৰ ধনু আন সাঁজিয়া।
তেতিক্ষণে সিটো স্ৰজিয়া দিল।
সীতাৰ পাশক ৰাৱণে নিল॥ ৬৯১


 অসাঠন—অপাত্ৰ, অকাজুৱা, অকামিলা।