পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৬২)


তেবেসে সমস্ত কাৰ্য্য হব সুশোভন।
গৰ্ব কৰি নকৰিলে কুলো হৈব ছন্ন॥ ৬৮৩
শ্ৰীৰামৰ সৈন্য দেখি ৰাৱণৰ ভয়।
দীন হীন মুঢ় মতি অনন্তে কহয়॥
ৰামৰ চৰণে যাৰ আছে মন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৬৮৪

ঘোষা॥ ৰাম কৃপাময় কৰুণা সিন্ধু।
ভকত জনৰ তুমিসে বন্ধু॥

পদ।

দূতক ক্ৰোধিয়া ৰাজা বোলয়।
কমন কাৰ্য্যে পঢ়িলাহা নয়॥
আপোন নৃপতিক কৰি তুচ্ছ।
পৰ নৃপতিক কৰস উচ্চ॥ ৬৮৫
এতেকে অসাঠন দুয়ো জন।
নিকালি খেদ চেৱতীয়াগণ॥
শাৰ্দ্দুল আদি যত দূত জাক।
পাঠাইল ৰামৰ সেনা গণিবাক॥ ৬৮৬


নয়- নীতি-শাস্ত্ৰ।