এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫৯)
লৱৰা লৱৰি কৰি পৰ্ব্বত পেলান্ত।
পেলাৱন্তে আসি নল বানৰ চোৱন্ত॥
পুঙ্কা যেন উপাঙ্গিয়া উপৰত ৰহে।
দেখি আনন্দেতে জয় জয় ৰাম কহে॥৬৬৮
এহিমতে শতেক যোজন সমুদ্ৰক।
সেতু বান্ধি পাৰ হুয়া যান্ত সুবেলক॥
সেতু গোট ভৰি পূৰি বান্দৰ চলিল।
ইপাৰ সিপাৰে শোভে বৰণ কপিল॥৬৬৯
শ্ৰীৰামৰ লগে চলি যান্ত বিভীষণ।
সুবেল পৰ্ব্বতে গৈয়া ৰহিল তেখন॥
সসৈন্যে ৰাঘৱ যেবে পাৰ হুয়া ৰৈল।
দশগ্ৰীৱ শুনি অস্থিৰ মন ভৈলা॥৬৭০
দশ মুখে একেবাৰে পুচিবাক লৈলা।
সাগৰ সমুদ্ৰ সিটো কেনে পাৰ ভৈলা॥
নিশ্চয় জানিয়া তাৰ বিস্ময় মিলিল।
শুক সাৰণক তেতিক্ষণে আদেশিল॥৬৭১
কত সৈন্য আইল তাৰ বীৰ আছে যত।
গণি আনি শীঘ্ৰে কহ মোহোৰ আগত॥
শুন শুক সাৰণে সৈন্যৰ মাজ পশি।
কিছু গণিলন্তে বিভীষণে পাইল আসি॥৬৭২
পুঙ্কা-পুঙা।