পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫৬)

সুগ্ৰীৱ লক্ষণ জাম্বুৱন্তে বুজাইলন্ত।
কিছু সুস্থ হুযা প্ৰভু তাৰাক বোলন্ত॥
আবে কেন কাৰ্য্য কৰো কহিয়ো প্ৰত্যেকে।
সবে হন্তে বোলে যাওঁ সমুদ্ৰ পাৰকে॥৬৫৪
হেন শুনি ৰঘুপতি উঠিল তেখন।
গিৰিসিত কৰি লৰি গৈল কপিগণ॥
পাছে সমুদ্ৰৰ তটে শুই ৰঘুৰায।
স্বপ্নে দেখা দেন্ত বুলি আছে বাট-চাই॥৬৫৫
তিনি দিন মানে দেখা নেদে সিন্ধু দেখি।
বুলিলন্ত ক্ৰোধে প্ৰভু আৰকত আখি॥
পাপিষ্ঠ সাগৰ তোৰ গৰ্ব্ব চূৰ কৰো।
অগ্নি বাণ হানি সব জলক সংহৰো॥ ৬৫৬
তৰে চলি যাক মোৰ ভালুক বানৰ।
এহি বুলি ধনুত জুৰিলা অগ্নি শৰ॥
দেখি সাগৰৰ ভয় গৰ্ব্ব গলি গৈল॥
দণ্ডবতে আগে পৰি বুলিবাক লৈল॥৬৫৭
নমো ভগৱন্ত আদি অন্ত নাহি যাৰ।
তোমাৰ স্ৰজন প্ৰভু সমস্ত সংসাৰ॥
অগাধ কৰিয়া মোক আপুনি থৈলাহা।
আবে পথ দেহ বুলি কিসক বোলাহা॥ ৬৫৮
 ⸻⸻⸻⸻
গিৰিসিত-গিৰৎ কৰে, ততালিকে।