পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৫৫ )


ঘোষা। ৰঘুপতি ৰঘুপতি ৰঘুপতি ৰাম
প্ৰভু ৰাম, ৰঘুপতি ৰঘুপতি ৰাম।

পদ।

পাছে জাম্বুৱন্ত আদি যত কপি বল।
জানকীৰ বাৰ্ত্তা সবে পাইলেক সকল॥
আনন্দে নাচন্ত গান্ত খিখিন্দি কৰন্ত।
হনুক প্ৰশংসি ৰাম পাশে চলিলন্ত॥৬৫০
এহিমতে চলি যান্তে মধুবন পাইলা।
দধিমুখ গাল ভাঙ্গি সবে তাক খাইলা॥
দধিমুখে গোচৰিল সুগ্ৰীৱত যাই।
দেখা গাল ভাঙ্গিলেক অঙ্গদে চড়াই॥৬৭১
উখসা গালক দেখি ৰাম লখমণ।
হাঁসি উথলিয়া গৈল সবে কপিগণ॥
অনন্তৰে সবে গৈয়া তথাতে মিলিলা।
হনুমন্তে ৰামৰ চৰণে প্ৰণামিলা॥৬৫২
কতোক্ষণে উঠি সুগ্ৰীৱক নমিলন্ত।
তাহানে আজ্ঞায় বাৰ্ত্তা সমস্ত কৈলন্ত॥
প্ৰিয়াৰ নিকাৰ শুনি ৰঘুৰ নন্দন।
শোক-সাগৰত মগ্ন ভৈলা তেতিক্ষণ॥৬৫৩