পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫৩ )

মই বোলো এন্তে জনক জীউ।
শোকে দুখে মোৰ উৰিল জীউ॥৬৪০
কেশ জুখি পছে মুখ সুঙ্গিয়া।
নুহিকা জানিলো শোক তেজিয়া॥
অনেক বিচাৰি নপাই লাগ।
বিস্তৰ কান্দিলো মানি অভাগ॥৬৪১
পাছে সম্পাতিৰ বচন স্মৰি।
অশোক বনে গৈলো ৰঙ্গ কৰি॥
দেখিলো সীতা সিঙ্খপাৰ তলে।
আছন্ত অনেক ৰাক্ষসী মেলে।৬৪২
প্ৰভাত দেখিয়া গাছে উঠিলো।
সিঙ্খপাতে পাছে লুকাই ৰহিলো॥
অনন্তৰে দুষ্ট ৰাৱণ আইল।
গালি দিয়া আই শান্তী খেদাইলা॥৬৪৩
দুপৰ বেলা অৱসৰ পাইলো।
প্ৰণামিয়া পাছে সব কহিলো॥
ফল দিলা আই তাকে ভুঞ্জিলো।
ৰাৱণৰ উপবন ভাঙ্গিলো॥৬৪৪
বিস্তৰ ৰাক্ষস মাৰিলো তাৰ।
সমৰে পৰিল অক্ষয় কুমৰ॥
অনন্তৰে ইন্দ্ৰজিত যে আইল।
আমাত সিয়ো ঘোৰ যুদ্ধ দিল ৬৪৫