পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫০)

এহিমতে লঙ্কাপুৰী  ছাই তুলি ছন্ন কৰি
 মুখে মুঞ্চি অগনি সুমাইলা।
আৱে সীতা গোসাঁনীক  সেৱা কৰি আহো বুলি
 অশোক বনত প্ৰবেশিলা॥৬২৯
জানকীক নমি গৈয়া  কৰজোৰে কহিলন্ত
 সব লঙ্কা পুৰীৰ দহন।
তোমাৰ প্ৰসাদে আই  পাপিষ্ঠ যে ৰাৱণৰ
 লঙ্কাপুৰি কৰিলোঁ উচ্ছন্ন॥
জানকী বোলন্ত বাপু  ৰাত্ৰি গোট বঞ্চিয়োক
 দুখ বৰ পাইলি বন্ধনত।
তোহোৰ বন্ধনে বাপু  বহু শোক লভিলোঁহোঁ
 আবে ৰঙ্গ মিলিল মনত॥৬৩০
হনুয়ে বোলন্ত আই  যিবা কিছু কহিবাহা
 শ্ৰীৰামক প্ৰতি কহিয়োক।
যেন যেন বাৰ্ত্তা লই  তান পদে নিবেদিবো
 সেহিমতে মোক শিখায়োক॥
মই এথা ৰহিলাত  বিলম্ব হৈবেক মাৱ
 প্ৰভু তৈতে আছে বাট চাই।
জানকী বোলন্ত বাপু  অলপতে নেন্ত মোক
 কহিওক প্ৰাণ প্ৰভু ঠাই॥৬৩১
হেন শুনি হনুমন্তে  প্ৰদক্ষিণে নমিলন্ত
 জানকীৰ চৰণ যুগল।