পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

খল খলি হাঁসি সিটো  বোলে ভাল বুদ্ধি ইটো
 লগালে লাঙ্গুলে জুই টান।
গলত লগায়া ডোল  আগে পাছে কৰি ৰোল
 ফুৰাইবাক লৈল থানে থান॥
হনুমন্তে কৰি মায়া  ক্ষীণ কৰি নিজ কাংয়া
 ডোল হোঁসকাইলন্ত গলৰ।
যতেক ৰাক্ষস ধৰি  মুকুতি মুকুতি মাৰি
 ডেৱে চৰিলন্ত ঢৌলিঘৰ॥৬২৭
আথাকে লাঙ্গুল ফুৰাই  তাহাত অগনি লগাই
 জালিলন্ত অন্তেস পুৰত।
পুত্ৰৰ কৰ্ম্মক দেখি  বায়ুৰ আনন্দ ভৈল
 বৈবে লৈলা উনপঞ্চাশত॥
লঙ্কাৰ ভিতৰে যত  ঘৰআছে অসংখ্যাত
 সমস্তকে দহিলেক গৈয়া।
আই বাপু পাৰে গেড়ি  ৰাক্ষস পলাই ভৰি
 পুত্ৰ নাতি সব কোলে লৈয়া॥৬২৮
জনক নন্দিনী শুনি  অগনিক তুতি বাণী
 বুলিলন্ত কৰজোৰ কৰি।
এতেকে অগনি তাঙ্ক  দুখ নেদিলন্ত আতি
 জ্বলিলন্ত শান্তৰূপ ধৰি।


 আথাকে - খৰকৈ।   ঢৌলিঘৰ ৰাজপ্ৰসাদ।

 সঞ্চ-সঁচ।