পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )


দেখি পক্ষী ভয় ভৈল বৰ।
হাঁসি ৰাজা দিলন্ত উত্তৰ॥
একো ভয় নকৰিবি মোক।
ইটো বন দিলোঁ সবে তোক॥২৩
দুয়ো পক্ষী থাকা কৌতূহলে।
মিলিৰ আহাৰ অবিকলে॥
পক্ষীক নিৰ্ভয় বাক্য বুলি।
ক্ৰোধে ৰাজা স্বৰ্গে গৈলা চলি॥২৪
ইন্দ্ৰ আদি দেখি দেৱগণ।
ভয়ে আতি দিল সিংহাসন॥
পূজাৰ সম্ভাৰ ধৰি আছে।
দেখি ৰাজা বুলিলন্ত পাছে॥২৫
মোৰ ৰাজ্যে কিসৰ কাৰণ।
বৃষ্টি নকৰাহা দেৱগণ॥
শত্ৰু যেবে মানি আছা মোক।
এতিক্ষণে কৰিয়োক॥২৬
ৰাজাৰ দেখিয়া ক্ৰোধ মন।
ইন্দ্ৰদেৱে বুলিলা বচন॥
শনিৰ সম্পূৰ্ণ দৃষ্টি ভৈল।
ৰোহিণী নক্ষত্ৰে পীড়ি ৰৈল॥২৭


ভিতি-ফাল। অবিকলে—বেগেতে, অনায়াসে।