পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৪)

ঘোষা ॥ জানকী বল্লভ জানকী বল্লভ
 জানকী বল্লভ ৰাম।
তোমাৰ চৰণে   শৰণ পশিলো
 পূৰিয়ো মনৰ কাম॥
 দুলড়ী।
জনক নন্দিনী   ফল দিলা আনি
 বায়ু সুতে মুখে দিলা।
অমৃত মধুৰ   ক্ষুধা ভৈলা দুৰ
 পৰম তৃপিতি পাইলা॥
স্বভাৱে বান্দৰ  জাতিৰ ফলত
 আতিশয় লোভ বৰ।
বোলে শুনা আই  কোন স্থানে পায়
 কহিয়োক মোত দৰ। ৬১৫
সীতায়ে বোলন্ত  যিটো স্থানে আছে
 তই যাবি কেন কৰি।
অসংখ্য ৰাক্ষসে  আৱৰি থাকয়
 মাৰিবেক তোক ধৰি।
হেন শুনি বৃদ্ধ  ব্ৰাহ্মণৰ বেশ
 ধৰিলন্ত হনুমন্তে।
লড় বড় মাথ  কাসন্তে দেখিয়া
 হাসিলন্ত কৌতুকতে॥ ৬১৬