পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৪১)

ঘোষা॥
তুমি ৰাম পূৰ্ণকাম জগতৰ স্বামী।
তযু পদ পঙ্কজে শৰণ লৈলো আমি॥

পদ।

বান্দৰৰ কথা শুনি বুলিলন্ত আই।
সাগৰ তৰিলি তই কিমত উপায়॥
মিছা কথা কহিবাক আহি পুনৰ্ব্বাৰ।
পাপিষ্ঠ ৰাৱণ ক্ৰোধ তোলাস আমাৰ॥৬০২
দূৰ গুচ অধম ৰাক্ষস মন্দ কৰ্ম্ম।
কৃতাঞ্জলি কপি সুমৰন্ত ধৰ্ম্ম ধৰ্ম্ম॥
ৰাক্ষস নহওঁ মাৱ ভালে চিনিয়োক।
ৰঘুনাথে সত্যে সত্যে পঠাইলে মোক॥৬০৩
সীতায়ে বোলন্তে তেবে কহতো প্ৰমাণ।
কিমত স্বামীৰ ৰূপ ভোজন কিথান॥
হনুৱে বোলন্ত আই ৰঘুনাথ দেৱ।
ইটো ত্ৰিভুৱনে নাহি তাঙ্ক সম কেৱ॥৬০৪
দুৰ্ব্বাদল শ্যাম বৰ্ণ শিৰ ছত্ৰাকৃতি।
সিঙ্গ বন্ধ কন্ধ কম্বু গ্ৰীবা শোভে আতি॥
পদ যুগ বকত ভকত মনোনীত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশোভিত॥৬১৫


কিথান--কেনে প্ৰৰকাৰ।