পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৩৬ )


মুখ গোট সুঙ্কিলন্ত।
কেশ তাৰ জুখিলন্ত॥৫৭৮
এহি তাৰ পটেশ্বৰী।
জানি শোক দূৰ কৰি॥
ঘৰে ঘৰে বিচাৰিয়া।
কৈতো সীতা নপাইয়া॥ ৫৭৯
পৰি শোকে কান্দিলন্ত।
কতো বেলি আছিলন্ত।
সম্পাতিৰ বাক্য মনে।
পৰিলেক কতোক্ষণে॥ ৫৮০
গোসাঁনী অশোক বনে।
আছন্ত জানিয়া মনে॥
নাচিলন্ত চেৱে চেৱ।
হৰিষে দিলেক ডেৱ॥৫৮১
অশোক বনক প্ৰতি।
যৈত আছে সীতা সতী॥
সিঙ্খপা বৃক্ষৰ তলে।
অনেক ৰাক্ষস মিলে॥৫৮২
আছন্ত জনক জীউ।
দেখি যেন পালে জীউ॥
কহয় হৃদয়ানন্দে।
সবে শুনা মহানন্দে॥৫৮৩