পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৩৪ )


সেহি পৰ্ব্বতত পক্ষীৰাজ।
সম্পাতি শুনিলা সব কাজ॥
প্ৰভাতে সবাকে মাতিলন্ত।
জটায়ুৰ বাৰ্ত্তা পুছিলন্ত॥৫৬৯
সীতাৰো বাৰ্ত্তাক তেন্তে কৈল।
সব কপি আনন্দিত ভৈল॥
তান উপদেশে কপিবীৰ।
পাইলা সবে পয়োনিধি তীৰ॥৫৭০
শুনিয়ো সমস্ত নৰগণ।
ইটো দিব্য কথা ৰামায়ণ॥
কহয় অনন্ত মূঢ়মতি।
ৰাম ৰাম ঘুষিয়ো সম্প্ৰতি॥৫৭১॥

⸻⸻


ঘোষা॥ জয় ৰামচন্দ্ৰ হৰি।

পদ।

সমুদ্ৰৰ তীৰ পাই।
অন্যো অন্যে মুখ চাই॥
সব শক্তি বিচাৰন্ত।
যেন মতে পাৰহন্ত॥ ৫৭১
সবে নিজ শক্তি কৈল।
তভোঁ কাৰ্য্য সাঙ্গ নৈল॥