পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১২৯ )


তুণ এৰি সিটো শৰ কৈকে নতু যাই।
জানি শীঘ্ৰ কৰি কিয় নোযোৱা আটাই॥৫৪৫
এহি কহি শীঘ্ৰে চলাই আনিয়ো বান্দৰ।
হেন শুনি লক্ষ্মণ চলিলা খৰতৰ॥
তৰঙ্গ বৰঙ্গ আখি হতে ধনু শৰ।
দড়াদড়ি পাইলে গৈয়া কিস্কিন্ধা নগৰ।৫৪৬
দেখি সবে বান্দৰৰ হৰি গৈল চুৰ্ত্তি।
সুগ্ৰীৱেও কৰপুতে হইলাহি থিতি॥
দেখিয়া লক্ষ্মণে ক্ৰোধে গৰ্জ্জিবাক লৈলা।
দেখি সুগ্ৰীৱৰ ভয়ে গৰ্ব্ব গলি গৈলা॥৫৪৭
হাওৰে লম্পট পাপী বান্দৰ অধম।
পাৰোঁ পশাইতে তোেক এতিক্ষণে যম॥
নিকট ঈশ্বৰ তই দেহ মুঢ় পিঠি।
তোহোক মাৰিলে কিবা কাৰ্য্য হৈব নাঠি॥৫৪৮
লক্ষ্মণৰ গৰ্জ্জনে সুগ্ৰীব কম্পি গৈল।
নমস্কাৰ কৰি ধীৰে বুলিবাক লৈল॥
শুনিয়োক প্ৰভু দেৱ লক্ষ্মণ কুমৰ।
জানিবাহা আমি সব চঞ্চল বান্দৰ॥৫৪৯
ইটো ৰাজ্য ভোগে কৰে পণ্ডিতকো মোহ।
আমি পুনু পশু জাতি পাবা সবে দোষ॥
তথাপি তোমাৰ চৰণৰ অনুচৰ।
দূতগণ পঠাই আছোঁ দ্বীপ দ্বীপান্তৰ॥৬৫