পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১২৭ )


ভৃত্যজনে যদি মন্দ বোলন্ত।
স্বামীজনে পুনু তাক সহন্ত॥
আকেসে দেখাইলা ৰাম মুৰাৰি।
অনন্তে কহে বোলা হৰি হৰি॥৫৩৬

⸻⸻

ঘোষা॥ বন্দোঁ ৰাঘৱ ৰাম।
তুমি প্ৰভু পূৰ্ণকাম॥


পদ

ৰামে বুলিলন্ত মিত্ৰ বুলিবাক পাহা।
যি কাৰণে শৰ নকৰিলোঁ শুনিবাহা॥
তোমাৰে বালিৰে দুইৰো একে যে শৰীৰ।
নিচিনিয়া শৰ নামাৰিলোঁ মহাবীৰ।৫৩৭
এহি বুলি অমৃত সমান হাত ধৰি।
মিত্ৰৰ শৰীৰ মাৰ্জ্জিলন্ত দেৱহৰি॥
ৰাম হস্ত পৰশ মাত্ৰকে সুগ্ৰীৱৰ।
ঘাৰ বেথা গুছি দেহ ভৈল দৃঢ়তৰ॥৫৩৮
হেন দেখি পাৱে পৰি শ্ৰীৰাম দেৱৰ।
বহু তুতি নতি কৰিলন্ত কপীশ্বৰ॥
তুলসীৰ মালা পিন্ধি প্ৰভু ৰাঘৱৰ।
পুনৰপি বালি ৰায়ক দিলে সমৰ।৫৩৯